AssamMANAH NATIONAL PARKTOURISMWild lifeWILDLIFEঅসমপৰিৱেশপৰ্যটনভ্ৰমণ

পৰ্যটকসকলৰ বাবে সুখবৰ!

২ অক্টোবৰৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

জৈৱ-বৈচিত্ৰ্যেৰে সমৃদ্ধ মানাহ ৰাষ্ট্ৰীয় উদ্যান অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এক অন্যতম প্ৰধান বন্যপ্ৰাণী পৰ্যটনস্থলী। বাৰিষা কালৰ বাবে ২৫ জুন ২০২৫ চনৰ পৰা সুদীৰ্ঘ দিন বন্ধ হয় আছিল ৰাষ্ট্ৰীয় উদ্যানখন। কিন্তু অহা ২ অক্টোবৰৰ পৰা ২০২৬-২৭ বৰ্ষৰ নতুন পৰ্যটন ঋতুৰ বাবে পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য স্থান মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চল। ৰাষ্ট্ৰীয় উদ্যানখনৰ চাৰিওটা ৰেঞ্জেই ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব।

Manas National Park, Assam – Safari - Currylines - Caroline's

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বন বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বিষয়াকে ধৰি ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি।

 

Welcome to official Website of Assam State Urban Livelihoods Mission  (DAY-NULM)

 

মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষে সদৰি কৰে এই কথা।

Manas National Park - Wikipedia

উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া (ৰেঞ্জাৰ) নীতিশ বড়োৱে জনোৱা মতে, অহা ২ অক্টোবৰত এক বিশেষ আৰু বৰ্ণিল কাৰ্যসূচীৰ জৰিয়তে মানস ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয়টো মূল প্ৰৱেশদ্বাৰত আনুষ্ঠানিকভাবে উদ্যানখনৰ দ্বাৰ মুকলি কৰা হ’ব। এই উপলক্ষে পৰ্যটকসকলক আদৰিবলৈ বন বিভাগৰ লগতে স্থানীয় পৰ্যটন ব্যৱসায় কৰ্মীসকলেও ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ।

Glimpses from our safari at Manas National Park. Call of the wild : Manas  National Park is a premier UNESCO World Heritage Site and Project Tiger  reserve located in the Himalayan foothills

বাৰিষাৰ বাবে নিয়মীয়াকৈ বন্ধ ৰখাৰ পাছত পুনৰ মুকলিৰ লগে লগে সমগ্ৰ উদ্যানখনতে বনৰীয়া হাতী চফাৰী, জীপ চফাৰী আৰু অন্যান্য পৰ্যটন কাৰ্যকলাপ পৰ্যায়ক্ৰমে আৰম্ভ কৰা হ’ব। বাৰিষাৰ সময়ছোৱাত উদ্যানখনৰ ভিতৰৰ পথসমূহ মেৰামতি কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থাও সুদৃঢ় কৰি তোলা হৈছে।

Visit Manas National Park on a trip to India | Audley Travel US

লগতে পৰ্যটকসকলৰ বাবে থাকিব কেতবোৰ নীতি নিৰ্দেশনা। উদ্যানৰ ভিতৰত মদ্যপান, প্লাষ্টিক জাতীয় সামগ্ৰীৰ লগতে নিষিদ্ধ থাকিব বন ধ্বংস কাৰ্য।

Jeep Safari Manas National Park – Manas National Park and Tiger Reserve –  Assam, India

কিন্তু প্ৰতি মংগলবাৰে বন্ধ থাকিব উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জ। প্ৰতি বৃহস্পতিবাৰে বন্ধ থাকিব ভূঞাপাৰা ৰেঞ্জ। প্ৰতি শুক্ৰবাৰে বন্ধ থাকিব পানবাৰী ৰেঞ্জ।

Glimpses from our safari at Manas National Park. Call of the wild : Manas  National Park is a premier UNESCO World Heritage Site and Project Tiger  reserve located in the Himalayan foothills

প্ৰতি বুধবাৰে কুকলুং ৰেঞ্জ বন্ধ থাকিব পৰ্যটকৰ বাবে। প্ৰতি সোমবাৰে কাহিটেমা বীট পৰ্যটকৰ বাবে বন্ধ থাকিব।

Relics Of The Old World — Nature inFocus

উল্লেখযোগ্য যে, বিলুপ্তপ্ৰায় একশিঙীয়া গঁড়, ৰাজকীয় বেংগল টাইগাৰ, সোণালী বান্দৰ, বনৰীয়া ম’হ আৰু অসংখ্য বিৰল প্ৰজাতিৰ পক্ষীৰে পৰিপূৰ্ণ এই সংৰক্ষিত বনাঞ্চলখনে প্ৰতিবছৰে দেশী-বিদেশী হাজাৰ হাজাৰ পৰ্যটকক আকৰ্ষণ কৰি আহিছে।

Assam's Manas National Park regains its glory | Dialogue Earth

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.